Wednesday, February 25, 2026
spot_imgspot_img

Top 5 This Week

spot_img

Related Posts

মাওবাদী মুক্ত ভাৰত! পুনৰ নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যু তিনি দুৰ্ধৰ্ষ সদস্যৰ

ছত্তীশগড়ৰ সুকমা জিলাৰ গোলাপল্লী অঞ্চলত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত মাওবাদীৰ তিনিজন দুৰ্ধৰ্ষ সদস্য নিহত হোৱাৰ খবৰ আহিছে। মাওবাদী সদস্য তিনিজনৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে সুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চৌহানে।

নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু হোৱা মাওবাদী সদস্য তিনিজনক ক্ৰমে মাড়ৱী জোগা ওৰফে মুন্না, ছৌঢ়ী বণ্ডী আৰু নুপ্পো বজনী বুলি চিনাক্ত কৰিছে। মৃত সদস্য তিনিজনৰ শিৰৰ মূল্য আছিল ৫-৫ লাখ টকা।

মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ বৃহৎ দলৰ মাজত হোৱা সংঘৰ্ষস্থলৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে বহু আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰা বুলিও জনাই জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে

উল্লেখ্য যে, দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰি অহা মাওবাদীৰ সমস্যা সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰন্তৰভাৱে চলি আছে অভিযান।

এই উদ্দেশ্যে ছত্তীশগড়ৰ সুকমা জিলাত নিৰাপত্তাৰক্ষীৰ দলে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাবলৈ গোলাপল্লী অঞ্চলত উপস্থিত হয। এই কথা জানিব পৰাৰ লগে লগে মাওবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দলটোক উদ্দেশ্যি গুলীবৰ্ষণ আৰম্ভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে চলোৱা গুলীচালনাত মাওবাদীৰ মোষ্ট ৱাণ্টেড সদস্য তিনিজনৰ মৃত্যু হয়

জানিব পৰা মতে, ৰাতিপুৱাৰ পৰা চলি থকা এই সংঘৰ্ষ এতিয়াও চলি আছে। অঞ্চলটোত কেইবাজনো মাওবাদী সদস্যই বাহৰ পাতি থকাৰ কথা নিশ্চিত কৰিছে নিৰাপত্তাৰক্ষীৰ দলে।

উল্লেখ্য যে, ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা সম্পূৰ্ণৰূপে মাওবাদী সমস্যা নিৰ্মূল কৰাৰ লক্ষ্য বান্ধি লৈছে কেন্দ্ৰীয় চৰকাৰে। গৃহ মন্ত্ৰী অমিত শ্বাহৰ এই সংকল্পৰ পিছতেই মাও অধ্যুষিত অঞ্চল সমূহত নিৰাপত্তাৰক্ষী বাহিনীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular Articles