Wednesday, December 24, 2025
spot_imgspot_img

Top 5 This Week

spot_img

Related Posts

ডুবাই এয়াৰ শ্ব’ত অঘটন; শক্তি প্ৰদৰ্শনৰ সময়তে ভূপতিত হ’ল তেজছ যুঁজাৰু বিমান, পাইলটৰ মৃত্যু

ডুবাইত চলি থকা এয়াৰ শ্ব প্ৰদৰ্শনৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ভাৰতৰ তেজছ যুঁজাৰু বিমান। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো কলা ধোঁৱাৰে আৱৰি ধৰে। এই দুৰ্ঘটনাত যুঁজাৰু বিমানখনৰ পাইলটজনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি লয়

ডুবাইত চলি থকা এয়াৰ শ্বসময়ত ভাৰতীয় যুঁজাৰু বিমানখনে আকাশত দৃষ্টিনন্দন প্ৰদৰ্শন কৰি থকাৰ সময়তে হঠাত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত ভূপতিত হয় আৰু লগে লগে এক ভয়ংকৰ বিস্ফোৰণে কঁপাই তোলে অঞ্চলটো। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই অঞ্চলটো ক’লা ধোঁৱাৰে আৱৰি ধৰে যদিও উদ্ধাৰকাৰী দলে ক্ষীপ্ৰতাৰে অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে, হাজাৰ-হাজাৰ দৰ্শকৰ সন্মুখত ভাৰতীয় স্বদেশী যুঁজাৰু বিমান তেজছে নিজৰ শক্তি প্ৰদৰ্শন কৰি থকাৰ সময়তে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.১০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই অস্থায়ীভাৱে বন্ধ কৰি দিয়া হয় ডুবাই এয়াৰ শ্ব

ডুবাইত এয়াৰ শ্বসময়ত তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কথা নিশ্চিত কৰিছে ভাৰতীয় বায়ুসেনাই। আই এ এফে কয়, ডুবাই এয়াৰ শ্ব’ৰ সময়ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে

ইয়াৰ উপৰি ভাৰতীয় বায়ু সেনাই পাইলটগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। লগতে পাইলটগৰাকীৰ মৃত্যু ভাৰতীয় বায়ু সেনাৰ বাবে অপূৰণীয় ক্ষতি বুলিও উল্লেখ কৰে।

ইফালে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে বায়ু সেনাৰ তৰফৰ পৰা কোৰ্ট অৱ ইনকুয়াৰি গঠন কৰা বুলিও আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular Articles