Wednesday, February 25, 2026
spot_imgspot_img

Top 5 This Week

spot_img

Related Posts

SIR : ৫ ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন ১.০২ কোটি ভোটাৰৰ, সৰ্বাধিক পশ্চিম বংগত

বহু বিতৰ্ক আৰু বিৰোধিতাৰ পিছতো আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ চমুকৈ SIR সম্পূৰ্ণ কৰি মঙলবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে পাঁচ ৰাজ্যৰ খচৰা ভোটাৰ তালিকা। খচৰা তালিকা প্ৰকাশ পোৱা ৰাজ্য কেইখন হৈছে পশ্চিম বংগ, ৰাজস্থান, গোৱা, লাক্ষাদ্বীপ আৰু পুডুচেৰী।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা তালিকাৰ পৰা সৰ্বমুঠ ১.০২ কোটি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। পশ্চিম বংগৰ পৰা কৰ্তন হৈছে সৰ্বাধিক ভোটাৰৰ নাম। বিশেষ পুনৰীক্ষণৰ পিছত পশ্চিম বংগৰ পৰা ৫৮ লাখৰো অধিক লোকৰ নাম তালিকাৰ পৰা কৰ্তন হৈছে।

আনহাতে ৰাজস্থানৰ প্ৰায় ৪২ লাখ লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পূৰ্বে এই তিনিখন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহত ভোটাৰৰ মুঠ সংখ্যা আছিল ১৩.২৫ কোটি। বিশেষ পুনৰীক্ষণৰ পিছত এই সংখ্যা ১২.৩৩ কোটিলৈ হ্ৰাস পায়

উল্লেখ্য যে, পশ্চিম বংগত হোৱা ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ পিছত নাম কৰ্তন হোৱা সকলৰ ভিতৰত ২৪,১৬,৮৫২জন মৃত ভোটাৰ আৰু ১৯,৮৮,০৭৬জন স্থায়ীৰূপে অন্য স্থানত থাকিবলৈ লোৱা ভোটাৰ।

ইয়াৰ উপৰি ১০,২০,০৩৮জন ভোটাৰৰ সম্ভেদ বিচাৰি পোৱা হোৱা নাই আৰু ১,৩৮,৩২৮জন ভোটাৰক ভুৱা বুলি চিহ্নিত কৰা হৈছে। লগতে ৫৭,৬০৪জনক অন্যান্য কাৰণত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে।

যিসকলৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকে ফর্ম-৬ পূৰণ কৰি নথি-পত্ৰৰ সৈতে পুনৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে দাবী উত্থাপন কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular Articles