আজি দশমবাৰৰ বাবে বিহাৰৰ মখ্যমন্ত্ৰীৰূপে শপত ল‘লে নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰৰ লগতে আন কেইবাগৰাকীও বিধায়কে মন্ত্ৰীৰূপে শপত লয়। পুনৰবাৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় সিনহা আৰু সম্ৰাট চৌধুৰীয়ে।
এতিয়া চাও আহক কোন মন্ত্ৰীয়ে ল‘লে শপত
১. মন্ত্ৰীৰূপে শপত ল‘লে সম্ৰাট চৌধুৰীয়ে। পূৰ্বৰ চৰকাৰত চৌধুৰী আছিল উপ-মুখ্যমন্ত্ৰী। নতুন চৰকাৰতো তেওঁক পুনৰ সেই দায়িত্বই প্ৰদান কৰা হৈছে।
২. বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় সিনহাইও মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। পূৰ্বৰ দৰে এইবাৰৰ নতুন চৰকাৰতো বিজয় সিনহাক উপ-মুখ্য়মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছে।
৩. দিলীপ জয়ছৱাল, বিজয় চৌধুৰী, অশোক চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ আৰু মংগল পাণ্ডেয়েও পাটনাৰ গান্ধী ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত শপত লয়।
৪. লেছী সিং, নীতিন নবীন, শ্ৰবণ কুমাৰ, মদন সাহনী, সুনীল কুমাৰ, সন্তোষ কুমাৰ সুমন আৰু ৰাম কৃপাল যাদৱেও মন্ত্ৰীৰূপে শপত লয়।
৫. মন্ত্ৰীৰূপে শপত লয় জমা খান, অৰুণ শংকৰ প্ৰসাদ, সুৰেন্দ্ৰ মেহতা, নাৰায়ণ প্ৰসাদ, সঞ্জয় টাইগাৰ আৰু ৰমা নিষাদে।
৬. প্ৰমোদ ৰাজবংসী, সঞ্জয় কুমাৰ সিং, শ্ৰেয়ছী সিং, প্ৰমোদ কুমাৰ, লখেন্দ্ৰ পাছৱান আৰু সঞ্জয় কুমাৰেও মন্ত্ৰীৰূপে শপত লয়।
৭. উপেন্দ্ৰ কুশৱাহাৰ পুত্ৰ দীপক প্ৰকাশেও মন্ত্ৰীৰূপে শপত লয়। বিধায়ক নহয় যদিও দীপকক পিছলৈ MLC বনাই বিধানসভালৈ প্ৰেৰণ কৰিব। শেহতীয়া বিধানসভা নিৰ্বাচনত উপেন্দ্ৰ কুশৱাহাৰ পত্নী স্নেহলতা কুশৱাহাই ছাছাৰাম সমষ্টিৰ পৰা জয়ী হৈছিল যদিও উপেন্দ্ৰ কুশৱাহাই তেওঁৰ ঠাইত পুত্ৰক মন্ত্ৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।





