মঙলবাৰে নিশা ৰাছিয়াৰ সেনা বাহিনীয়ে পুনৰ ইউক্ৰেইনত চলাই ভয়ংকৰ আক্ৰমণ। ৰাছিয়াৰ তৰফৰ পৰা নিক্ষেপ কৰা ড্ৰ’ন আৰু মিছাইল আক্ৰমণত ১৬ জন লোক নিহত হোৱাৰ লগতে ৬৬ জন আহত হয়। ইউক্ৰেইনৰ তৰফৰ পৰা জনোৱা হয় এই তথ্য।
যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াক হেঁচা প্ৰয়োগ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আলোচনাৰ বাবে তুৰস্কত থকাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।
এই আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনৰ গৃহ মন্ত্ৰী ইহ’ৰ ক্লিমেংকোৰ মতে, ইউক্ৰেইনৰ পশ্চিম চহৰ টেৰ্ন‘পিলৰ দুটা ৯ মহলীয়া এপাৰ্টমেণ্ট ব্লকত নিশা এই আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত ১৬টা শিশুসহ কমেও ৬৬ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
ইউক্ৰেইনৰ বায়ুসেনাৰ তৰফৰ পৰা কোৱা হৈছে যে ৰাছিয়াই ইউক্ৰেইনৰ ৪৭৬টা স্থানত ডিকয় ড্ৰ‘নৰ লগতে বিভিন্ন প্ৰকাৰৰ ৪৮টা মিছাইলেৰে আক্ৰমণ চলায়। এই আক্ৰমণত দেশখনৰ বহু সম্পত্তি বিনষ্ট হোৱা বুলিও ক্ষেদ প্ৰকাশ কৰে।
ইফালে ৰাছিয়াইও ইউক্ৰেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে মঙলবাৰে নিশা ইউক্ৰেইনে আমেৰিকাত নিৰ্মিত এটিএচিএমএছ মিছাইলেৰে ভোৰোনিশ চহৰত আক্ৰমণ চলায়। ৰাছিয়াৰ তৰফৰ পৰা এই আক্ৰমণ প্ৰতিহত কৰা হৈছিল যদিও এখন অনাথ আশ্ৰম আৰু এখন বৃদ্ধাশ্ৰম সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হয়। অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলিও জানিব দিয়ে ৰাছিয়াই।
উল্লেখ্য যে, বিগত প্ৰায় চাৰি বছৰ ধৰি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি আছে যুদ্ধ। দুয়ো পক্ষৰ আক্ৰমণত কেইবা হাজাৰ লোক নিহত হৈছে যদিও যুদ্ধ সমাপ্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই ৰাছিয়াই। যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে পুটিন আৰু জেলেনস্কিৰ লগত কেইবাবাৰো আলোচনাত মিলিত হৈছে যদিও এই পৰ্যন্ত লাভ কৰা নাই কোনো ফলপ্ৰসূ উত্তৰ।





