অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু (এ এছ আৰ) জিলাত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১০ গৰাকী যাত্ৰীৰ মৃত্যু হয়। তেলেংগানাৰ ভদ্ৰাচলমৰ পৰা অন্নাৱৰমলৈ ৰাওনা হোৱা যাত্ৰীবাহী বাছখনত মুঠ ৩৭ গৰাকী যাত্ৰী আছিল।
জানিব পৰা অনুসৰি, এখন ব্যক্তিগত ট্ৰেভেল বাছে নিয়ন্ত্ৰণ হেৰুৱাই চিত্তুৰ-মৰ্দুমল্লী ঘাট পথৰ গভীৰ খাৱৈত পৰি যায়। দুৰ্ঘটনাটোৰ ফলত থিতাতে দহজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়।
এ এছ আৰৰ জিলা উপায়ুক্ত দীনেশ কুমাৰে এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে এতিয়ালৈকে ৯-১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰশাসনে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক ভদ্ৰাচলম আঞ্চলিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা অনুসৰি বহু আহত লোকৰ অৱস্থা সংকটজনক, গতিকে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।
প্ৰাথমিক তথ্য অনুসৰি চিত্তুৰ-মৰ্দুমল্লী ঘাট পথৰ এটা বক্ৰ পথত চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দ‘ খাৱৈত বাছখন বাগৰি পৰে।
ইফালে গভীৰ নিশা সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতে স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।
এই দুৰ্ঘটনাৰ খবৰৰ পিছতে ভদ্ৰাচলম আৰু এ এছ আৰ জিলাত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।
ইফালে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বাছ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি শীৰ্ষ বিষয়াসকলক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে।





