কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী শিৱৰাজ পাটিলৰ শুকুৰবাৰে পুৱা প্ৰায় ৬.৩০ বজাত লাটুৰস্থিত নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীৰ বয়স আছিল ৯১ বছৰ।
শিৱৰাজ পাটিলে লোকসভাৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ লগতে তেওঁ কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ত বিভিন্ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপেও দায়িত্ব পালন কৰিছিল।
শিৱৰাজ পাটিল লাটুৰৰ চাকুৰৰ পৰা এজন প্ৰভাৱশালী কংগ্ৰেছ নেতা হিচাপে ৭ বাৰকৈ লাটুৰ লোকসভা সমষ্টিত জয়ী হৈছিল। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজয় হ‘লেও তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈ গৃহমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে।
কংগ্ৰেছ দলৰ লগতে সকলো কৰ্মীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।





