২২ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৱাহাটীত আৰম্ভ হ‘বলগীয়া দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ‘ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক শুভমন গিল। কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত ডিঙিত আঘাত পোৱা বাবে গিল দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হ‘বলগীয়া হয়।
প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত বেট ধৰিবলৈ আহি আঘাত পোৱা গিলক কলকাতাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আঘাত গুৰুতৰ হোৱা বাবে তেওঁ দ্বিতীয় ইনিংছটো বেট ধৰিবলৈ অহা নাছিল ক্ৰিজলৈ।
প্ৰথম টেষ্টত পৰাস্ত হোৱাৰ পিছত গিলে দ্বিতীয়খন টেষ্টত প্ৰত্যাৱৰ্তন কৰিব বুলি ভবা হৈছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল।
প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ‘বলগীয়া টেষ্ট মেচখনৰ এদিন পূৰ্বে অৰ্থাত আজি বিচিচিআইয়ে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে দ্বিতীয় টেষ্টত শুভমন গিল নাথাকে বুলি জনায়।
বিচিচিআইয়ে বিবৃতিটোত কয়, ‘দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ডিঙিত আঘাত পোৱা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে গুৱাহাটীত হ‘বলগীয়া দ্বিতীয়খন টেষ্টত অংশ নলয়।‘
উল্লেখ্য যে, দ্বিতীয় টেষ্টৰ বাবে কলকাতাৰ পৰা ভাৰতীয় দলৰ আন সদস্যসকলৰ সৈতে ১৯ নৱেম্বৰত গুৱাহাটীলৈ আহিছিল অধিনায়ক শুভমন গিল। শুভমন গিলে দলীয় অনুশীলনত অংশ নোলোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতেই দ্বিতীয় টেষ্টত তেওঁ যে ভাৰতীয় দলৰ অংশ নহ‘ব সেয়া স্পষ্ট হৈ পৰে।
দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হোৱাৰ পিছতেই উন্নত চিৎকিসাৰ বাবে গুৱাহাটীৰ পৰা মুম্বাইলৈ ৰাওনা হৈছে শুভমন গিল। গিলৰ অনুপস্থিতিত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব উইকেটকীপাৰ বেটাৰ ঋষভ পন্তে।





