Tuesday, December 23, 2025
spot_imgspot_img

Top 5 This Week

spot_img

Related Posts

এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ আসনত সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড়

আজি বিশ্ব শিশু দিৱস। শিশুসকলৰ কল্যাণ আৰু অধিকাৰৰ বাবে প্ৰতিবছৰে ২০ নৱেম্বৰৰ দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয়। এই বিশ্ব শিশু দিৱসৰ দিনাই বজালী জিলাত দেখা গল এক ব্যতিক্ৰমী দৃশ্য। বজালী আৰক্ষীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি জিলাখনৰ এজন ১২ বছৰীয়া ছাত্ৰক এদিনৰ বাবে প্ৰদান কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব

এই বিশেষ সন্মান লাভ কৰা সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকী হৈছে নিবিড় নেচন বৰুৱা। ভোটান্ত সাদেৰী ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ত অধ্যয়নৰত নিবিড় বজালী ঘটবৰ গাঁৱৰ অংকুৰ বৰুৱাৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আৰক্ষী অধীক্ষকৰ আসনত বহি উৎফুল্লিত হৈ পৰা নিবিড় নেচন বৰুৱাই জিলাখনৰ কেইবাখন থানাও পৰিদৰ্শন কৰে আজিৰ দিনটোত।

দায়িত্ব লাভ কৰাৰ পিছতেই আনন্দ প্ৰকাশ কৰি নিবিড়ে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰি কয়, ‘এদিনৰ বাবে এই সুবিধা দিয়া বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক ধন্যবাদ জ্ঞাপন কৰিছো।’

সৰুৰে পৰা আৰক্ষী অধীক্ষক হোৱাৰ মন পুহি ৰখাৰ কথা উল্লেখ কৰি নিবিড়ে লগতে কয়, ‘অসম চৰকাৰে দিয়া এই সুবিধাটো মই চিৰদিন মনত ৰাখিম’।

উল্লেখ্য যে, চলিত বছৰৰ ৯ ছেপ্তেম্বৰত সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড়ে এদিনৰ বাবে বজালী জিলাৰ আৰক্ষী অধীক্ষক হোৱাৰ ইচ্ছা প্ৰকাশ কৰি মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। মুখ্যমন্ত্ৰীয়ে এই আবেদন লাভ কৰাৰ পিছতে বিষয়টো চিন্তা-চৰ্চা কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক দায়িত্ব প্ৰদান কৰে। সকলো বিবেচনা কৰাৰ অন্তত অসম আৰক্ষীয়ে বিশ্ব শিশু দিৱসৰ দিনটোত এদিনৰ বাবে নিবিড়ক এই দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular Articles