বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চলি থকা চৰ্চাৰ অৱসান ঘটিল। আজি NDAৰ সহযোগী দলসমূহৰ বিধায়কসকলৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰূপে নীতিশ কুমাৰৰ নাম চূড়ান্ত কৰা হয়। সৰ্বসন্মতি ক্ৰমে নীতিশ কুমাৰৰ নামটো NDAৰ বিধায়ক দলৰ নেতা হিচাপে বাচনি কৰা হয়। ইয়াৰ লগে লগে ২০ নৱেম্বৰত নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ বাট প্ৰশস্ত হয়।
বিধানসভাৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত NDAৰ বৈঠকৰ পিছতেই নীতিশ কুমাৰে ৰাজভৱনলৈ গৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ৰাজ্যপালৰ ওচৰত নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব।
এন ডি এৰ বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে জে ডি ইউৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত নীতিশ কুমাৰক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছিল। নীতিশ কুমাৰৰ নতুন চৰকাৰত বিজেপিৰ জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।
অৱশ্যে নীতিশ কুমাৰৰ কেবিনেটত কোন দলৰ কিমানগৰাকী বিধায়কে স্থান লাভ কৰে সেয়া এই পৰ্যন্ত নিশ্চিত কৰা হোৱা নাই।
উল্লেখ্য যে বৃহস্পতিবাৰে পাটনাৰ গান্ধী ময়দানত বিহাৰৰ ১৯ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত ল’ব নীতিশ কুমাৰে। দিনৰ ১১ বজাৰ পৰা ১২.৩০ মিনিটৰ ভিতৰত সমাপ্ত হ’ব শপত গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগতে আন বহুতো ভিআইপি ব্যক্তি উপস্থিত থাকিব।
ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। সম্প্ৰতি নিৰাপত্তা বেষ্টনীও কটকটীয়া কৰি তোলা হৈছে পাটনাত।





