Wednesday, December 24, 2025
spot_imgspot_img

Top 5 This Week

spot_img

Related Posts

অটো চালকৰ কন্যাৰ সফলতা; কোৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি বিশ্ব বক্সিং কাপৰ ফাইনেলত প্ৰৱেশ মীনাক্ষীৰ

গ্ৰেটাৰ নয়দাৰ শ্বহীদ বিজয় সিং পঠিক স্প’ৰ্টছ কমপ্লেক্সত চলি থকা বিশ্ব বক্সিং কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে মীনাক্ষী হুডাই। ৪৮ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মীনাক্ষীয়ে কোৰিয়াৰ বাক চো-ৰোঙক ৫-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। অটো চালকৰ কন্যা মীনাক্ষীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে দেশৰ ক্ৰীড়ানুৰাগী।

মীনাক্ষীৰ উপৰি অৰুন্ধতী চৌধুৰীয়েও জিলিকি উঠিছে এই প্ৰতিযোগিতাত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীৰ্ঘদিনৰ মূৰত প্ৰত্যাৱৰ্তন কৰা অৰুন্ধতীয়ে তিনিবাৰৰ বিশ্বকাপ পদক বিজেতা লিয়োনী মুলৰক পৰাস্ত কৰিবলৈ সক্ষম হয়। মেচখনৰ আৰম্ভণিৰে পৰা আক্ৰমণাত্মক হোৱা অৰুন্ধতীয়ে দ্বিতীয় ৰাউণ্ডতে জাৰ্মানীৰ প্ৰতিপক্ষ বক্সাৰগৰাকীক পৰাস্ত কৰে।

মেচখনৰ অন্তত অৰুন্ধতীয়ে কয়, ‘ডেৰ বছৰৰ মূৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰত্যাৱৰ্তন কৰিছো, আৰু এইধৰণৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হোৱাত মই যথেষ্ট সুখী। প্ৰথম অৱস্থাত মনত কিছু ভয় ভাব আহিছিল, কিয়নো শেষবাৰৰ বাবে মই বক্সিং ৰিঙত নামিছিলো পেৰিছ আলিম্পিকৰ কোৱালিফায়াৰ মেচত। ইয়াৰ পিছতেই মোৰ এটা ডাঙৰ চাৰ্জাৰী হৈছিল।’

এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাৰতৰ মীনাক্ষীৰ উপৰি অংকুশ ফাংগাল, পাৰবীন আৰু নুপুৰে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়। অংকুশে অষ্ট্ৰেলিয়াৰ মাৰ্লন ছেবেহোনক ৫-০ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ৮০ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰা নুপুৰে ইউক্ৰেইনৰ মাৰিয়াক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular Articles