শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক আসন দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে আজি চূড়ান্ত কৰিব নতুন চৰকাৰ গঠনৰ সকলো ফৰ্মূলা। নতুন চৰকাৰ গঠন সন্দৰ্ভত আজিৰ দিনটোতে কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ নামটোৱেই সৰ্বসন্মতিক্ৰমে চূড়ান্ত কৰিব NDAৰ সহযোগী দলসমূহে।
ইয়াৰ উপৰি নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰত উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব কোনে লাভ কৰিব সেই সন্দৰ্ভতো ছবি স্পষ্ট হৈ পৰিব। সহযোগী দল সমূহৰ কিমান গৰাকী বিধায়কক মন্ত্ৰী মণ্ডলত স্থান দিয়া হ’ব সেই ফৰ্মূলাও আজিয়েই ঠিৰাং কৰা হ’ব। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, বিজেপিৰ কোনো জ্যেষ্ঠ বিধায়কক প্ৰদান কৰা হ’ব বিধানসভাৰ অধ্যক্ষৰ পদ।
বৃহস্পতিবাৰে দিনৰ ১১.৩০ বজাত পাটনাৰ গান্ধী ময়দানত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে আজি অনুষ্ঠিত হয় নীতিশ কুমাৰ নেতৃত্বাধীন JDUৰ বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে নীতিশ কুমাৰক JDUৰ বিধায়িনী দলৰ নেতা হিচাপে বাচনি কৰে।
সমান্তৰালভাৱে বিজেপি বিধায়িনী দলৰ বৈঠকো চলি আছে পাটনাত। এই বৈঠকতেই বিজেপি বিধায়িনী দলৰ নেতা হিচাপে বাচনি কৰা হয় জ্যেষ্ঠ নেতা সম্ৰাট চৌধুৰীক। উপ-নেতা হিচাপে বিজয় সিনহাক বাচনি কৰে।
পৃথকে পৃথকে অনুষ্ঠিত হোৱা এই বৈঠকসমূহৰ পিছত বিয়লি ৩.৩০ বজাত বিধানসভাৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত হ’ব NDAৰ সহযোগী দলসমূহৰ মাজত হাই ভল্টেজ বৈঠক। খবৰ অনুসৰি এই বৈঠকতে NDAৰ সহযোগী দলসমূহে নীতিশ কুমাৰকে সৰ্বসন্মতিক্ৰমে NDAৰ নেতা হিচাপে বাচনি কৰিব।
এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে নীতিশ কুমাৰৰ নেতৃত্বত NDAৰ এটা দল ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত অৰ্পণ কৰিব পদত্যাগ পত্ৰ। ইয়াৰ লগতে ৰাজ্যপাল আৰিফ মহম্মদ খানক বিহাৰত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবেও দাবী জনাব নীতিশ বাহিনীয়ে।





